Sunday, 5 April 2015

নিচা

নিচা এবুকু খুৱাই তাই গলগৈ
ওৰে নিশা আছো মই বিছনাতে ছটফটাই

.... যজ্ঞেশ্বৰ নাথ

প্ৰমাণ

অমূলক বুলি ভাবিয়েই
কিমানযে সপোনক আহিলো আদবাটতে এৰি
আহাৰৰ পৰিষ্ফুট জোনাকে আজি প্ৰমাণ দিছে
কাহানিও অসম্ভৱ নাছিল সি

.... যজ্ঞেশ্বৰ নাথ

ভাত

কাৰোবাৰ বাবে ফেচন।
কাৰোবাৰ বাবে প্ৰয়োজন।
কাৰোবাৰ বাবে জীৱনৰ ৰং,
কাৰোবাৰ বাবে সপোন!

.... যজ্ঞেশ্বৰ নাথ

Good Night নকওঁক

প্ৰতিটো Good Nightত বুকুখন গভীৰ হৈ উঠে
আৰু অলপ সময় একেলগে পাৰ কৰিব পৰা হ’লে!
নাজানো, এই ‘আৰু অলপ সময়’নো কিমান সময়
তথাপি......
লাগিলে Good Morningয়েই নাহক
তথাপি Good Night নকওঁক

.... যজ্ঞেশ্বৰ নাথ

হিডেন

হিডেন ফল্ডাৰ খুলি তোমাৰ টোবোৰ
এতিয়াও লাগি চাওঁ।
শুকান সুখানুভুতিত স্পন্দি উঠে বুকু!

টোনো কি ?
এতিয়াই ডিলিট মাৰিব পাৰোঁ।
হৃদয়ৰ মেমৰিক জানো ফৰমেট মাৰিব পাৰোঁ!

হিডেন অনুভুতিবোৰ হিডেন হৈয়েই থাকিব
টোবোৰো থাকক, হিডেন হৈ !!

.... যজ্ঞেশ্বৰ নাথ

ফাগুনলৈ ভয় লাগে

ফাগুনৰ কোনোবা জোনাক ৰাতি গাঁৱৰ মুকলি পকী ৰাস্তাৰ কালৰ্ভাট এটাত অনুচ্চ স্বৰত অকলশৰে সংগীত শুনি শুনি আকাশলৈ চাই চিগাৰেটৰ ধোঁৱা উৰুৱালে মদ খোৱাতকৈও মোৰ বেচি নিচা লাগে।

নিচাতে যদি তোমালৈ মনত পৰে?

সেয়ে ফাগুনলৈ ভয় লাগে।

তথাপি, ‘ফাগুনী’ নামটো মোৰ এতিয়াও ভাল লাগে!

.... যজ্ঞেশ্বৰ নাথ

এজন ঢুলীয়াৰ কথাৰে.....

নিজৰ ঢোলটোৰ সমান ভালপাওঁ অ চম্পা
তুমিনো কিয় নিজকে মৰা চামৰাৰ লগত ৰিজোৱা

.... যজ্ঞেশ্বৰ নাথ