Sunday, 5 April 2015

Propose Day

কাকনো প্ৰপোজ কৰো
দিপলিপ ৰঙাপাহে ক’লে কালিয়েই অন্তৰ সপিলোঁ!
উন্মনা মনৰ শ’ত ঠিকনাত হাজাৰবাৰ
যোৱাবাটেই উভতিলোঁ
হাহাকাৰি মনে নিৰবে সুধে
কাকনো প্ৰপোজ কৰো

ফাগুনী যে মন মোৰ
ক্ষণে প্ৰতি ভূমণ্ডল ঘূৰে
নিকাব নোৱাৰি ধৰাক এতিয়া
বহাগীলৈ ভ্ৰূ দাঙে।

.... যজ্ঞেশ্বৰ নাথ

Rose Day

বুকুতেই ইমানদিনে যি মোৰ গোলাপ ফুলালা
Rose Day আজি মাথো এক নামমাত্ৰ পৰিচৰ্য্যা 

.... যজ্ঞেশ্বৰ নাথ

তুমি কোন?

নুমাইতো দিব নোৱাৰি
উমি উমি জ্বলা জাৰৰ জুইকণ
পুহৰ নিশাৰ শেষ ভৰষাকণ

কিদৰেনো নুমাও
হেজাৰ ভালপোৱাৰ শেষ আশাকণ
জীৱনৰো জীৱনকণ

এইযে মোৰ আশাকণ
ন-বোৱাৰীৰ সঘনাই মালৈ মনত পৰাৰ সমান
এইযে মোৰ ৰসায়ন
যেন ধুম্ৰ-মদিৰাৰ সংমিশ্ৰণ

তুমি কোন?

.... যজ্ঞেশ্বৰ নাথ

আপুনি যদিহে আহে

আপুনি যদিহে আহে
ব্ৰহ্মপুত্ৰৰ পাৰত আৱেলি এটা ৰিজাৰ্ভ কৰি থম
একেলগে দুয়ো বহি   
এপেগ এপেগকৈ স্মৃতি পান কৰিম

কেইটামান টকাৰ বিনিময়ত
জীৱনটো বিক্ৰী কৰিছে আপুনি
ময়ো!
আহক আপুনি
এটা আৱেলিৰ বিনিময়ত পাহৰি যাওঁ
কোন এতিয়া আমি

কৰ্মই খং কৰিবতো, কৰক
বিবেকে দুখ কৰিবতো, কৰক
আপুনি আহক
এআৱেলিৰ বাবে মাতাল হৈ
জীৱনটো সজীৱ কৰো বলক

.... যজ্ঞেশ্বৰ নাথ

কি ৰং

কি ৰং ঘঁহিলি ঐ ৰঙিলি এইবাৰ মোৰ গাত
বুকুতেই লাগিলচোন, নুগুচিবই নেকি আৰু দাগ।

.... যজ্ঞেশ্বৰ নাথ

অমানিশাৰ চিন্তা

/
শলিতা একেই।
মাথো, চাকিৰ জ্বলাব নে ফটকাৰ জ্বলাব
সেয়াহে আপোনাৰ কথা!

/
দীপান্বিতাই আজি তাকেই কৈ গ’ল
ৰাইজে মাৰ-বন্ধাত
অমানিশাও পূৰ্ণিমা হল।

.... যজ্ঞেশ্বৰ নাথ

সুখ-দুখ

সুখ....
মই বিচৰা সাতোৰঙৰ তইয়েই একমাত্ৰ ছৱি!

দুখ....
কাৰ তুলিকাৰে জানো তই প্ৰাণ পাই উঠিলি!!

.... যজ্ঞেশ্বৰ নাথ

কোন তুমি

তোমাৰ মাতত পখিলা পৰে
মৌ-মাখিয়েও ৰস শুহে
মোৰ দৰে দুৰ্ভগীয়াই
ৰেকৰ্ডিং কৰা মাত শতবাৰ শুনে....

.... যজ্ঞেশ্বৰ নাথ

শেষ চৰ্ত

তোমাক ভালপোৱাৰ শেষ চৰ্ত-
তুমি মোক বেয়াও পাব লাগিব।

.... যজ্ঞেশ্বৰ নাথ

বিমোৰ

তোমাক লৈ কিনো কবিতা লিখিম
তুমি নিজেই এটা কবিতা
এই শৰ, শেৱালী, শীত, সেউজীয়া
সকলো মাথো অপূৰ্ণ উপমা

কাইলৈতো লখিমী পূজা
বিমোৰত পৰিছোঁ
কাকনো পূজোঁ এতিয়া....

.... যজ্ঞেশ্বৰ নাথ

জীৱন এনেদৰেই

আৱেলি আৰু গধুলিবোৰ হেৰাই যোৱা জীৱনৰ পৰা যেতিয়াই ভতিয়াই চোৱা হয়,
কৃত্ৰিম পোহৰত খিলখিলাই থকা ৰাতিটোৰ মাজেৰে
এই অবিৰত জগততৰ কোনোবা এটি কোণত নিজকে এক ক্লান্ত পথৰুৱা যেন অনুভৱ হয়
জীৱনৰ থাকে থাকে পৰি ৰোৱা হাজাৰ-বিজাৰ সপোন ফাইলবোৰত প্ৰশ্নবোধক চিহ্ন এটা ৰয়
তথাপি,
সময় গৈ থাকে
জীৱন গৈ থাকে
মইহে থাকো ৰৈ

সহায়কাৰী কোনো ক্ৰিয়াৰ কৃপাত আকৌ ঠন ধৰোঁ
নিজে নিজে কথা পাতোঁ,
হাঁহো
অফুৰন্ত সময় ধৰোঁ
অবিৰত জগতৰ সবাতকৈ সুখী হৈ পৰোঁ

এনেইতো ক্লান্ত জীৱন
তাতে আকৌ নৈশ উৎযাপন

ধাৰিপাটিত বহি অংক কৰি কৰি বৰশি বাওঁ
তোমাৰ কহুঁৱা যেন কোমল চুলিত বনগুটি লগাওঁ
হেজাৰ দুষ্টামিৰ পৰিণতিত
দেউতাৰ আঙুলিৰ ছাঁপ দাপোণত গৈ মনে মনে চাওঁ
এজাক কিৰিলিত নিজকে হেৰাই পাওঁ

ক্ষন্তেকৰ বাবে সকলো পাহৰি যাওঁ
অবিৰত জগতৰ পৰা আঁতৰত ৰওঁ

এনেদৰেই হেৰাই যায় পূৱৰ পুৱা
শুই উঠিয়েই একেই ব্যস্ততা

.... যজ্ঞেশ্বৰ নাথ

যিটো চাওঁনিত পিয়াহ লাগি গৈছিল

কি চাওঁনি আছিল সেয়া
শুকাই যোৱা দুটি চঁকুত
বহুতো আদৰ্শ ভাঁহিছিল

মস্ত চঁকুৰ নষ্ট চাওঁনিও নাছিল
শক্তিহীন দুচঁকুৰ চাওঁনিত
বুকুতে তৃষ্ণা জাগিছিল

দহ টকাৰে পানীবটলটো কিনাৰ আগতে
শ’তবাৰ নিশ্চিত আছিলোঁ
কোনো কাৰণতে সেয়া বিপনণৰ চাওঁনি নাছিল

.... যজ্ঞেশ্বৰ নাথ

কবিতা

কোনে আজিকালি কাৰ কবিতা বুজে
সবে নিজে নিজে লিখে
কোনে কিমান কবিতা নুবুজি
আপোন কিতাপকো দলি মাৰি দিয়ে!

এইবোৰ সব কবিতাৰ কথা
কবিয়েও নুবুজে!

.... যজ্ঞেশ্বৰ নাথ

নিচা

নিচা এবুকু খুৱাই তাই গলগৈ
ওৰে নিশা আছো মই বিছনাতে ছটফটাই

.... যজ্ঞেশ্বৰ নাথ

প্ৰমাণ

অমূলক বুলি ভাবিয়েই
কিমানযে সপোনক আহিলো আদবাটতে এৰি
আহাৰৰ পৰিষ্ফুট জোনাকে আজি প্ৰমাণ দিছে
কাহানিও অসম্ভৱ নাছিল সি

.... যজ্ঞেশ্বৰ নাথ

ভাত

কাৰোবাৰ বাবে ফেচন।
কাৰোবাৰ বাবে প্ৰয়োজন।
কাৰোবাৰ বাবে জীৱনৰ ৰং,
কাৰোবাৰ বাবে সপোন!

.... যজ্ঞেশ্বৰ নাথ

Good Night নকওঁক

প্ৰতিটো Good Nightত বুকুখন গভীৰ হৈ উঠে
আৰু অলপ সময় একেলগে পাৰ কৰিব পৰা হ’লে!
নাজানো, এই ‘আৰু অলপ সময়’নো কিমান সময়
তথাপি......
লাগিলে Good Morningয়েই নাহক
তথাপি Good Night নকওঁক

.... যজ্ঞেশ্বৰ নাথ

হিডেন

হিডেন ফল্ডাৰ খুলি তোমাৰ টোবোৰ
এতিয়াও লাগি চাওঁ।
শুকান সুখানুভুতিত স্পন্দি উঠে বুকু!

টোনো কি ?
এতিয়াই ডিলিট মাৰিব পাৰোঁ।
হৃদয়ৰ মেমৰিক জানো ফৰমেট মাৰিব পাৰোঁ!

হিডেন অনুভুতিবোৰ হিডেন হৈয়েই থাকিব
টোবোৰো থাকক, হিডেন হৈ !!

.... যজ্ঞেশ্বৰ নাথ

ফাগুনলৈ ভয় লাগে

ফাগুনৰ কোনোবা জোনাক ৰাতি গাঁৱৰ মুকলি পকী ৰাস্তাৰ কালৰ্ভাট এটাত অনুচ্চ স্বৰত অকলশৰে সংগীত শুনি শুনি আকাশলৈ চাই চিগাৰেটৰ ধোঁৱা উৰুৱালে মদ খোৱাতকৈও মোৰ বেচি নিচা লাগে।

নিচাতে যদি তোমালৈ মনত পৰে?

সেয়ে ফাগুনলৈ ভয় লাগে।

তথাপি, ‘ফাগুনী’ নামটো মোৰ এতিয়াও ভাল লাগে!

.... যজ্ঞেশ্বৰ নাথ

এজন ঢুলীয়াৰ কথাৰে.....

নিজৰ ঢোলটোৰ সমান ভালপাওঁ অ চম্পা
তুমিনো কিয় নিজকে মৰা চামৰাৰ লগত ৰিজোৱা

.... যজ্ঞেশ্বৰ নাথ