Thursday, 17 April 2014

বিষয়ঃ কিবা এটা

শণিবাৰে শণিবাৰে ৰাতি
সি কিবা আবোল-তাবোল বকে
বহুতেই প্ৰথমতে ধেমালি বুলি ভাবিলে আনকি
ঘৰতো প্ৰথমতে যৌৱনৰেই দোষ বুলি কলে
লাহে লাহেহে আটাইৰে দুঃচিন্তা বাঢ়িলে বাঢ়িবই
বহুতো নামী-দামী চিকিৎসাবিজ্ঞানী, মনোবিজ্ঞানী
সকলোৱে যে হাৰ মানিলে!

তাৰ মতে,
তাৰ ওচৰলৈ হেনো শণিবাৰে শণিবাৰে ৰাতি, কিবা এটা আহে
অবুজ কিছুমান কথা কয়
হাঁহে
পিছফালৰ পৰা সাৱটি ধৰি
বিকট চিঞৰ মাৰে
ঘূৰি চালেই নাইকিয়া হয়!

টোপোনিতো যুঁজ কৰে
গলত তাক টিপা মাৰি
চোঁচোৰাই চোঁচোৰাই
শ্মশানলৈ টানে
বলিশালত বান্ধে!

তাৰ আৰ্তনাদ কোনেও শুনি নাপায়
হাজাৰ চিঞৰিলেও হেনো মুখেৰে মাত এটাও নোলায়
যেতিয়াই সেই কিবাটোৱে তাক এৰি থৈ যায়
ক্ষত-বিৱস্ত্ৰ অৱস্থাত নিজকে সি বিছনাৰ তলত পায়!

কিমানযে পূজা! কিমানযে নৈবদ্য!
কিমান সেৱা, কিমান ধূপ-ধূনা-চাকি
কিমান কবিৰাজৰ মন্ত্ৰ পানী
নাই!
বাকী দিনবোৰ ঠিকেই থাকে
ৰাতি হলেই শণিবাৰে আকৌ তেনে কৰে

আজিওতো শণিবাৰ!
থুঃ থুঃ থুঃ

ধেই, কি যে কথা এইবোৰ!
মোৰ বাৰু বিশ্বাস নহয় নে হয়?
নাই নাই
মই এইবোৰ বিশ্বাস নকৰো
এহ্,
১২ বজাৰ পিছত দেওবাৰ । 

.... যজ্ঞেশ্বৰ নাথ 

No comments:

Post a Comment