তোমাৰ পূৰঠ হাতেৰে
মোৰ স্পৰ্ষিত হব মন
দুহাতেৰে এবাৰ
চুই চাবা নেকি, মোক
আসঃ, তৰ্জনীৰ
কিযে সেই নিপুণ কলা!
প্ৰতিটো মিঠা
ঘঁহনিত মই উত্তেজিত হওঁ
ৰাগীয়াল হোৱা
নেকি তুমিও, মোৰ সুৱাসত
ধেইৎ, ভালপাওঁ
অ’ তোমাৰ খহটা দুহাত।
আহানা মিলি যাওঁ
তোমাৰ ভোকাতুৰ ওঠত
সিৰাই সিৰাই ৰিমৰিমাই
এবাৰ তুমিও অনুভৱ কৰা
ইচ্, কিযে মিঠা
এই নিচা!
....ණ যজ্ঞেশ্বৰ নাথ
No comments:
Post a Comment