গাঁওখনত গৈ টুকুৰিয়াই
সুধিলো
ইয়াতেই আছেনে
সি?
হুমুনিয়াহ কাঢ়ি
সকলোৱে দুখেৰেই কলে
চহৰতহে থাকে আজিকালি
সি।
চহৰখনত ৰৈ কলিং
বজাই সুধিলো
ইয়াতেই থাকেনে
সি?
এপদ এপদকৈ গোটেই
চহৰখন উদঙাই কলে
গাঁওৰ পৰা সি
এতিয়াওঁ অহাই নাই।
নিজে নিজকে এইবাৰ
মনে মনে সুধিলো
কত থাকে বাৰু
আজিকালি সি?
অনুভৱ এটি উৰি
আহি কলে
মনৰ মাজতে থাকে
এই সুখটি।
....ණ যজ্ঞেশ্বৰ নাথ
No comments:
Post a Comment