বাট এটাৰে গৈ
গৈ
আঁত হেৰালোঁ
পথ হেৰাই
ঘাট পাহৰিলোঁ
উভতিৱ খোজোতেই
অবাট পালোঁ
এনেদৰে মাজ বাটত
আঁত হেৰোৱা
ঘাট-পথ হেৰাই
অবাট পোৱা
মোৰ অভ্যস্থ জীৱনত
সাধাৰণ কথা।
সিদিনাৰ কথা….
অবাট এটাৰে গৈ
গৈ
আঁত বিচাৰি পালো
পথ বিচাৰি
ঘাট পালোঁ
পাৰ হৈয়েই
বাট পালোঁ
....ණ যজ্ঞেশ্বৰ নাথ
No comments:
Post a Comment