Wednesday, 16 April 2014

মই কিয় আত্মহত্যা নকৰো

ধাৰ্মিক দৃষ্টিৰে...

জীৱহত্যা মহাপাপ।
আত্মহত্যাও আন একো নহয়
আত্মহত্যাও পাপ

আইনৰ দৃষ্টিৰে...

হত্যাকাৰী সদায় অপৰাধী।
মই অপৰাধী ' নোখোজো
আত্মহত্যা সম্পন্ন কৰি
নশ্বৰ দেহক থানালৈ নেঠেলো
মই ঘৃণিত ' নোখোজো

সামাজিক দৃষ্টিৰে...

সম্বন্ধ এটাক মাউৰা কৰি মই
আত্মহত্যা নকৰো।
মোৰ বাবেই ঠন ধৰা আনক মই
বিশ্বাসঘাতকতা কৰিব নোৱাৰো
মই অবিশ্বাসৰ পাত্ৰ হব নোখোজো

কাব্যিক দৃষ্টিৰে...

এডাল চিপজৰীয়ে কি বুজে জীৱনৰ মমতা
এবাটি বিষেও নাজানে জীয়াই থকাৰ কি মাদকতা
জ্বলা জুইয়েও নিদিয়ে সেই আগতীয়া বাৰ্তা
আত্মহত্যাৰ যে কিমান বিভিষীকা!

বাস্তৱ দৃষ্টিৰে...

জীৱন যাতনা সহ্যকৰ। জীৱন যাতনাত কৰো মৃত্যু নহয়।
কিন্তু মৃত্যু যাতনা ভয়ংকৰ। মৃত্যু যাতনাত প্ৰাণ হেৰায়

নৈতিক দৃষ্টিৰে

জাতিংগাৰ চৰাই নহওঁ মই।
জীৱশ্ৰেষ্ঠ মানৱ।
তথাপি ধৰি ললো মই আজি আত্মহত্যা কৰিম। অৰ্থাৎ জীৱনক এতিয়া বেয়া পাওঁ মই।
তেন্তে ইমান দিনে কিয় আত্মহত্যা কৰা নাছিলো? ইমানদিনে কিয় জীৱনক ভালপাই আছিলো?
মানে, তেতিয়াই জীৱনক ভাল পাই মই এক ভুল সিদ্ধান্ত লৈছিলো
আৰু সেই ভুল সিদ্ধান্তৰেই বলি হৈ আজি আন এক সিদ্ধান্ত!
কিন্তু মই নিজে ভুল হৈ আত্মহত্যা কৰাৰ মোৰ কোনো এতিয়া নৈতিক অধিকাৰ নাই

মোৰ দৃষ্টিৰে

কষ্টকৰ, বিৰক্তিকৰ, যন্ত্ৰণাকৰ জীৱন হলেওঁ
আনৰ দৃষ্টিত মই হেয় নিবিচাৰো
মৃত্যুৰ পিছতো সমালোচোনা নোখোজো
আত্মহত্যা সম্পন্ন কৰি
কাপুৰুষত্বৰ মই আখ্যা নিবিচাৰো
সেয়ে,
মই কেতিয়াও আত্মহত্যা নকৰো

.... যজ্ঞেশ্বৰ নাথ 

No comments:

Post a Comment