সৌজাক গঁড়
সুসজ্জ্বিত
খৰ্গৰে হিংশ্ৰ জন্তু।
কাজিৰঙাৰ পাৰে
পাৰে
বনে জংঘলে সিহঁতৰ
অগাধ বিচৰণ।
নিশা নিশাহে ঘূৰা
এই জন্তুবোৰ আজিকালি উভৈনদী হ’ল
কাচ্ছিৎ কোনোবা পৰ্য্যটোকে দেখা জন্তুবোৰ আজিকালি
দিনতো দেখা হ’ল।
কঠিন ছালেৰে আবৃত
এইজাক গঁড়ৰ দেহা
দেখাতো ভীষণ ক’লা
আন জন্তুলৈ
কেৰেপেই নকৰে
যতেই পায় ঘাঁহ,
তাতেই যায় ই।
সেয়ে কেতিয়াবা
ভয়েই লাগে
শেষেই কৰি দিব কিজানি
কাজিৰঙাৰ তৃণভূমি।
কোনোবাই কৈছিল,
গঁড়ৰ খৰ্গ হেনো কাটি দিব লাগে, ঠিকেই কৈছিল।
এইজাক গঁড়ক মইও
ঘৃণা কৰো
সেয়ে সুবিধা পালে
মইও চিকাৰীয়েই হব খোজো
কিন্তু
প্ৰকৃতিপ্ৰেমী এতিয়াও আছে!
গঁড়বোৰো সেয়ে
বাছি আছে!
সংখ্যাও দিনক-দিনে বাঢ়িব ধৰিছে।
চাওঁকচোন,
ইমানবোৰ গঁড়ক
মাত্ৰ কেইজনমান নিষ্ঠাৱান বনকৰ্মীয়ে
কিদৰে পোহৰা দি
ৰাখিছে!
ভাৱিলেই আচৰিত
লাগে।
হয়তো খৰ্গতকৈও
ভয়াবহ সেই বনকৰ্মীৰ অস্ত্ৰ!
নাম কিজানি তাৰ
ৰাজনৈতিক মন্ত্ৰ!!
কেইটামান গঁড়
চিৰিয়াখানাতো আছে
শুকাই ক্ষীণাই
ভোকতেই থাকে
আৱদ্ধ পকী বেৰৰ
মাজত
চাই হলে ভালেই
লাগে।
সেয়ে, সেইজাক
গঁড়কো চিৰিয়াখানালৈ নিব লাগে
কাজিৰঙাখনো অলপ
মুকলি হওঁক
ঘাঁহ-বনো অলপ গজক।
....ණ যজ্ঞেশ্বৰ
নাথ
No comments:
Post a Comment