Saturday, 1 March 2014

এক বিশ্লেষণ : কলমে কিয় নিলিখে

চিঞাহীয়েই শুকাল নে কলমেই পুৰণা হ’ল
ভালদৰে দেখোন নিলিখাই হ’ল

হয়তো পৃষ্ঠাখনেই অচল নাইবা
মাধ্যাকৰ্ষণৰ বিপৰীতে এই কলমৰ বল

নাজানো ক’ত কি হ’ল
কলমৰ ধাৰ মৰহি গ’ল

পিছে মন কৰিলেই চিঞাহী ভৰাবও পাৰি
কলম কিন্তু সলাব নোৱাৰি

মাধ্যাকৰ্ষণৰ দিশেৰেও যাব পাৰি
পৃষ্ঠা জানো সলাব পাৰি

....ණ যজ্ঞেশ্বৰ নাথ

No comments:

Post a Comment