তেতিয়াৰ দিনতো
ফাগুন আছিল
মাঘক আলফুলে
বিদায় দি
বহাগক আঁদৰিছিল
উদাসীনতা
উন্মাদনাই
বুকুত খুন্দিছিল
কিবা যেন নাই
কিবা যেন নাই লাগিছিল
তথাপিও কিন্তু
বহুত কিবা-কিবিয়েই আছিল
জুমবান্ধি ল’ৰাবোৰে
বগৰী পাৰিছিল
মহাজনৰ বাৰীৰ
কঠালকলি হৰিছিল
গৰু চৰাইছিল
ধুলি উৰিছিল
বাঁহৰ আগত চিলা
ছিঙিছিল
দ’ল বান্ধি নৰাবাৰীত
বাটিপখি খেদিছিল
আইৰ মনত কিন্তু বৰ
ভয়ভাৱ আছিল
তেতিয়াৰ ফাগুনত
সোপাধৰা আছিল
ককাৰ যাত্ৰাক
ফাগুনে আগভেটি ধৰিছিল
সেয়ে ধুতিৰ আগ
দাঙি দাঙি ছাইকেল ঠেলিছিল
তেতিয়াও আইতাৰ
জাৰ গুছাই নাছিল
শুকান গোৱৰ
সৰা পাতত জুই
জ্বলাইছিল
দূৰৈৰ পাহাৰ
দাউ-দাউকৈ সন্ধিয়া জ্বলি উঠিছিল
আমাৰ মনত কিন্তু
নিশা বৰ ভয়ভাৱ জাগিছিল
আইতাৰ ফাগুনত ভূত
আছিল
দেউতাৰ পথাৰত
আহুৰ হাল ঘূৰিছিল
আইয়ে খেতিৰ আলু
তুলিছিল
পুখুৰীৰ মাছ
গড়ালৰ হাঁহ
বাৰীৰ তামোলে
পূৰঠ হৈছিল
সকলোৰে মনত
ফূৰ্তি আছিল
তেতিয়াৰ ফাগুনত ৰং
আছিল
....ණ যজ্ঞেশ্বৰ নাথ