সাহিত্যৰো থাকে
সীমা
শ’ত-সহস্ৰজন সাহিত্যৰে
ঢলি পৰিলেও
মৰ্মান্তিক কোনো
লিখনিয়েও
গলাব নোৱাৰে সেই
কুখ্যাত পাষাণৰ হিয়া
এটা গুলীতেই ছাৰখাৰ
হয়
দিস্তাই দিস্তাই
পৃষ্ঠা
এটা বোমাতেই ধ্বংস
হয়
ৰিমে ৰিমে লিখা
কোনো সাহিত্যত
সৰি নপৰে
উদ্যত পিস্তলৰ
গুলী বা গোলা
নপমে কোনো পাষাণৰ
হিয়া
এয়াই সাহিত্যৰ
সীমা
মাৰণাস্ত্ৰই য’ত
জীৱনৰ ভাষা
হত্যা-হিংসাই
য’ত শেষ কামনা
সাহিত্য মাথো
তাত এক
বৃথা প্ৰচেষ্টা
পুনঃশ্চ, মাৰণাস্ত্ৰৰো
আছে সীমা
যিদৰে, সাহিত্যৰো
থাকে সীমা
....ණ যজ্ঞেশ্বৰ নাথ
No comments:
Post a Comment