Wednesday, 14 May 2014

মা

এই যে তোমাৰ পৰা ফোনকল এটা পালেই
মই বিৰক্তি হৈ উঠো
ভালকথা কিবা এটা কলেই
খং উঠো
খৱৰ এটা লবলৈও
পাহৰি থাকো
কিন্তু
ভাড়াঘৰৰ প্ৰতিটো সাজতে
তোমালৈ মনত কৰোঁ

আনে নিজৰ মাকক প্ৰসংশা কৰিলে
তোমাক লৈ মইও বুকু ফুলাও
বুজি উঠো
অনুভৱ কৰোঁ
মা কি বস্তু!
কিন্তু
নিজে কেতিয়াও আগতে তোমাক লৈ গৰ্ব নকৰোঁ
লাজ পাওঁ নেকি বাৰু?

আঁচলতে এই সকলোবোৰ কথা
তোমাৰ প্ৰতি থকা মোৰ কোনো ভালপোৱা নহয়
এয়া মোৰ নিচাহে!
কেতিয়াবা ভাল
কেতিয়াবা বেয়া

’, বহুদিন আগতে কোৱা তোমাৰ কথা এষাৰ মনত পৰিছে
তুমিযে কৈছিলা...
কোনো মাকে নিজৰ সন্তানৰ প্ৰতি একো আক্ষেপ নকৰে
মুখ ফুটাই এবাৰো ভালপাওঁ বুলি নকোৱাৰ বাবে
এবাৰ যদিমাবুলি মাতিছে
সেয়াই যথেষ্ট!

হয়নে মা?
জানো! তুমিয়েই জানিবা

.... যজ্ঞেশ্বৰ নাথ 

No comments:

Post a Comment