বানে-খোৰাঙে তাৰ সোণালী
নহ’ল
হালধীয়া চৰাইৰো
বদনাম হ’ল
বিনা মৰণাৰে খেৰ
হ’ল
কাৰোৱাৰ আঘোণ
কেলেণ্ডাৰতে ৰ’ল
শুনিছো,
অহাবাৰ আহাৰত
হেনো সি আৰু নেপেলায় লুণীয়া ঘাম!
এয়াযে নহয় মাত্ৰ
এটি উদাহৰণ
বহু গাঁওতে
আজিকালি এনেকুৱাই হ’ল
....ණ যজ্ঞেশ্বৰ নাথ