ঘৰত কোনো নাই, তথাপি...
কোনোবা যদি ওলায় আহি
ভয়ে ভয়ে সাজি-কাঁচি
আইৰ সেন্দুৰ এচিকুট চুৰি কৰি ললোঁ।
তোমাৰ নামত সেওঁতাখনি ৰঙাই
আইনাৰ সন্মুখত নিজকে এবাৰ লাজ-লাজকৈ চালোঁ
কইনা সাজত মোক বাৰু কেনেকুৱা দেখিব?
ঘৰত এইবোৰ কথা ক’লে কিবা একো নুবুজেই জানা
কিবা কলেই কয়-
বিয়া পগলা হেনো হৈছো মই!
ঊফঃ !
অ’, তোমাৰ নামত লোৱা সেন্দুৰকোণনো এতিয়া কেনেকৈ মচোঁ
সেয়ে ছেলফি একপি তোমালৈ পঠিয়াই দিলোঁ, সঁযতনে ৰাখিবা
মাহঁতো আহিবৰ সময় হৈছে
মই যাওঁ, মুখখন ধুই আহোঁ হা?
....ණ যজ্ঞেশ্বৰ নাথ